সৰস্বতী পূজাৰ দিনা ঘৰত কৰক এইকেইটা কাম ; শিক্ষাৰ্থীৰ ওপৰত কৃপা দৃষ্টি থাকিব মা সৰস্বতীৰ

0
11251

সৰস্বতী পূজাৰ দিনা ঘৰত কৰক এইকেইটা কাম ; শিক্ষাৰ্থীৰ ওপৰত কৃপা দৃষ্টি থাকিব মা সৰস্বতীৰ

এইবাৰ বসন্ত পঞ্চমী ২৬ জানুৱাৰীত উদযাপন কৰা হ’ব। বিশ্বাস অনুসৰি,বসন্ত পঞ্চমীৰ দিনটোত মাতৃ সৰস্বতীক উৎসৰ্গিত কৰা হয়। সৰস্বতী মাক শিকা আৰু সংগীতৰ দেৱী বুলি কোৱা হয়। বিশ্বাস অনুসৰি, সৰস্বতী মায়ে শিক্ষৰ্থী সকলক আশীৰ্বাদ দিয়ে আৰু লগতে জীৱনত সফলতাৰ দুৱাৰ মুকলি কৰে।

ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰ কৰি,কিছুমান বস্তু আছে যাক বসন্ত পঞ্চমীৰ দিনা ঘৰলৈ অনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।বিশ্বাস অনুসৰি,বসন্ত পঞ্চমীৰ দিনা গা ধোৱাৰ পিছত হালধীয়া ৰঙৰ কাপোৰ পিন্ধা হয়।

ইয়াৰ পিছত সৰস্বতী মাৰ উপাসনা কৰা হয়। দেৱী সৰস্বতীক ভোগ, হালধীয়া ফুল আগবঢ়োৱা হয় আৰু সৰস্বতী মন্ত্ৰ উচ্চাৰণ কৰে। কোৱা হয় যে এনে কৰাৰ দ্বাৰা শৈক্ষিক ক্ষেত্ৰত জ্ঞান আৰু সফলতা বৃদ্ধি পাই। বসন্ত পঞ্চমীৰ দিনা কিছুমান বস্তু ঘৰলৈ অনা ভাল বুলি গণ্য কৰা হয়। সেই বস্তুবোৰৰ হৈছে–

হালধীয়া ফুল- হালধীয়া ৰঙৰ ফুল বা হালধীয়া ফুলৰ মালা সৰস্বতী পূজাৰ দিনটোত ঘৰলৈ আনিব লাগে। সৰস্বতী মাৰ সন্মুখত হালধীয়া ফুল আগবঢ়োৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। ঘৰটো হালধীয়া ফুলৰ এটা শাৰীৰে সজাব পাৰি, বিশেষকৈ ঘৰৰ মুখ্য দুৱাৰত।

দেৱী সৰস্বতীৰ ছবি বা মূৰ্তি- বসন্ত পঞ্চমীৰ দিনটো মা সৰস্বতীৰ মূৰ্তি অনাটো সৰ্বশ্ৰেষ্ঠ দিন। সৰস্বতী মাৰ যিকোনো ছবি বা মূৰ্তি ঘৰৰ উত্তৰ-পূব কোণত ৰাখিব পাৰি। কোৱা হয় যে ই ঘৰৰ ল’ৰা-ছোৱালীৰ ওপৰত ভাল প্ৰভাৱ পেলায় আৰু লিখা-পঢ়া বৃদ্ধি কৰে।

বিবাহৰ সামগ্ৰী – এইটো বিশ্বাস কৰা হয় যে বসন্ত পঞ্চমীৰ দিনটোৰ পৰাই ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ বিবাহৰ ৰীতি-নীতি আৰম্ভ হৈছিল । সেয়েহে
বিবাহ সম্পৰ্কীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবেও এই দিনটো বিশেষ। বিবাহৰ গহনা, সজ্জা আৰু কাপোৰ আদি সেই দিনটোত ক্ৰয় কৰিব পাৰি।