28 C
Guwahati
Thursday, May 19, 2022
More

    নাইট কাৰ্ফিউ ভংগ কৰা বাবে বিয়াৰ নিশাই গ্ৰেপ্তাৰ হ’ল দৰা-কইনা

    ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা নাইট কাৰ্ফিউ ভংগ কৰাৰ অভিযোগত বিয়াৰ দিনাখনে গ্ৰেপ্তাৰ হ’বলগীয়া হয় দৰা-কইনা।

    গুজৰাটৰ ভালছাদত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

    সোমবাৰে নিশা অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত দৰা-কইনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰি আছিল আৰু নাইট কাৰ্ফিউ ভংগ কৰাৰ অভিযোগত গুজৰাট আৰক্ষীয়ে দৰা-কইনাক বিয়াৰ দিনাখনে গ্ৰেপ্তাৰ কৰে।

    জানিব পৰা মতে, বিবাহ অনুষ্ঠান সমাপ্ত কৰি কইনা দৰা ঘৰলৈ উভতি অহাৰ সময়তে বাটত আৰক্ষীয়ে দৰা-কইনাৰ লগতে দুয়োপক্ষৰ বহুকেইজন লোকক নাইট কাৰ্ফিউ ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।

    বিবাহ সম্পন্ন কৰি অহা নৱ-বিবাহিত দৰা-কইনাৰ নিজৰ ঘৰলৈ যোৱাৰ পূৰ্বে আৰক্ষী থানাত ২ ঘণ্ট সময় কটাবলগীয়া হয়।

    গুজৰাটত বৰ্ধিত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে গুজৰাট চৰকাৰে নিশা ১০ বজাৰ পৰা নাইট কাৰ্ফিউ ঘোষণা কৰিছে।

    দৰা-কইনা আৰু পৰিয়ালৰ লোকে ১০ বজাৰ পাছত বিয়াৰ পৰা উভতি অহাৰ বাবেই এইদৰে শাস্তিৰ সন্মুখিন হ’বলগীয়া হয়।

    আনহাতে, এই ঘটনাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে ঘটনাটো ভাইৰেল হৈ পৰে।

    আৰু পঢ়ক : সুৰাপায়ী সকলৰ বাবে সুখবৰ; বছৰত মাত্ৰ তিনিদিনহে বন্ধ থাকিব সুৰাৰ দোকান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং