২২,৩৫৮ ৰান আৰু ৭৯৬ টা উইকেট দখল কৰা খেলুৱৈ ছানৰাইজাৰ্ছ হায়দৰাবাদত অন্তৰ্ভুক্ত

0
5020
২২,৩৫৮ ৰান আৰু ৭৯৬ টা উইকেট দখল কৰা খেলুৱৈ ছানৰাইজাৰ্ছ

আই পি এলৰ ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এলৰ পৰৱৰ্তী ছিজনৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ অভিজ্ঞ বেটছমেন ব্ৰায়ান লাৰা আৰু দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনক ছাপোৰ্ট ষ্টাফ হিচাপে অন্তৰ্ভুক্ত কৰিছে।

ইয়াৰ পূৰ্বে লাৰাক আই পি এলত ধাৰাভাষ্যকাৰ ৰূপত দেখা গৈছিল যদিও এতিয়া হায়দৰাবাদ ফ্ৰেঞ্চাইজিয়ে তেওঁক এটা ডাঙৰ দায়িত্ব প্ৰদান কৰিছে।

তেওঁক দলটোৰ কৌশলগত উপদেষ্টা আৰু বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

ইফালে আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদকে ধৰি আন কেইবাটাও দলৰ হৈ খেলা দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনক দলটোৰ নতুন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

তেওঁ এই বছৰৰ আৰম্ভণিতে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

আনহাতে শ্ৰীলংকাৰ মহান স্পিন বলাৰ মুত্তিয়া মুৰলীধৰণে দলটোত স্পিন বলিং প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ টম মুডিও মুখ্য প্ৰশিক্ষক হিচাপে উভতি আহিছে। হায়দৰাবাদৰ প্ৰাক্তন প্ৰশিক্ষক ট্ৰেভাৰ বেলিছে যোৱা ছিজনৰ আই পি এলৰ পিছত দলটোৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল।

ইফালে ভাৰতৰ প্ৰাক্তন বেটছমেন হেমাং বাদানীক দলটোৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে মনোনীত কৰা হৈছে, আনহাতে চাইমন কাটিচক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

ছানৰাইজাৰ্ছে অহা বছৰৰ মেগা অকশ্যনৰ পূৰ্বে কেপ্টেইন কেন উইলিয়ামছন, উমৰান মালিক আৰু আব্দুল চামাদক ৰিটেইন কৰিছিল।

২০১৬ চনত আই পি এল খিতাপ জয় কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা বছৰ হতাশাজনক প্ৰদৰ্শন কৰিছিল আৰু টুৰ্ণামেণ্টৰ পইণ্ট তালিকাৰ একেবাৰে শেষত আছিল।

আৰু পঢ়ক :  অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা, যুৱকে মেছেজ কৰিছিল ”তুমি মোৰ কাৰণে মৰিব পাৰিবা নেকি”?