
সদৌ অসম ছাত্ৰ সন্থাৰ পৰিকল্পনা এক নতুন ৰাজনৈতিক দলৰ। অহা ফেব্ৰুৱাীৰ মাহৰ শেষৰ ফালে নাইবা পৰৱৰ্তী মাহত ৰাজ্যত হ’ব পাৰে নতুন ৰাজনৈতিক দল। এই কথাৰ ইংগিত দিছে আছুৰ সভাপতি দিপাংক নাথে। গোৱালপাৰাৰ এক সভাত এই ইংগিত দিয়ে সভাপতিগৰাকীয়ে।
ৰাইজে যদি বিকল্প বিচাৰে তেন্তে এই নতুন ৰাজৈতিক দলৰ পৰিকল্পনা তথা প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈ উঠিব বুলিও মন্তব্য আগবঢ়াই আছুৰ সভাপতিগৰাকীয়ে। লগতে ইয়াকো উল্লেখ কৰিছে যে দিল্লীয়ে অসমবাসী তথা আছুক প্ৰতাৰণা কৰিছে। জাতিক সংকটৰ মাজলৈ টানি নি সৰ্বনাশ মাতি আনিছে। ৪৩ বছৰৰ অবৈধ বাংলাদেশীৰ বোজা জাপি দি এই আইনৰ জৰিয়তে জাতিটো শেষ কৰিব বিচাৰিছে কেন্দ্ৰই। সেয়ে নতুন দলে এই সমূহ কথাৰে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু দিল্লীক।
Photo: @monzuralom