Breaking: মহানগৰীত স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ পত্নীৰ

মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে এই ঘটনা

0
68

মহানগৰীৰ পানীখাইতিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পানীখাইতিৰ খেৰবাৰীত পত্নীয়ে হত্যা কৰিলে স্বামীক। হত্যা কৰি ঘৰৰ ছিলিঙত ওলোমাই থৈ আত্মহত্যাৰ ৰুপ দিয়াৰ চেষ্টা বুলি অভিযোগ স্থানীয় ৰাইজৰ।

মৃত লোক জনৰ নাম হজৰত আলী। ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপষ্ঠিত হৈ আটক কৰে হজৰত আলিৰ পত্নীক। বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাৰ প্ৰকৃত কাৰণ। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Photo Credit: @dhrubaborah