
ছাহিনবাগৰ প্ৰতিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ অধিকাৰ কাৰো নাই। এই কথা স্পষ্ট কৰি দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আনৰ অসুবিধা সৃষ্টি কৰি প্ৰতিবাদ কৰাৰ অধিকাৰ কাৰোৰে নাই। প্ৰতিবাদ যদি কৰে তেন্তে ইয়াৰ বাবে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰা উচিত।
উল্লেখ্য যে বিগত দুমাহ ধৰি ঘাই পথ অৱৰোধ কৰি ৰাজধানী দিল্লীৰ ছাহিনবাগত প্ৰতিবাদ অব্যাহত ৰাখিছিল। যাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছিল নতুন দিল্লীৰ নাগৰিক। সেয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি এক শুনানিৰ ৰায় দান হিচাপে এই গুৰুত্বপূৰ্ণ ৰায় ৰায় সদৰি কৰে। ৰাজপথ পথচাৰীৰ বাবেহে, ইয়াক অৱৰোধ কৰি প্ৰতিবাদ কৰিব নোৱাৰিব।
Photo: scrool.in