
শিৱসাগৰত কৰুণ ঘটনা। একে পৰিয়ালৰ দুগৰাকীৰ একেলগে মৃত্যু। গা ধুবলৈ গৈ দিখৌ নদীৰ বাঢ়নী পানীত উটি গ’ল পিতা পুত্ৰ। নিজ পুত্ৰৰ প্ৰাণ বচাবলৈ গৈ পিতৃও উটি গল নদীত।
শিৱসাগৰ নগৰৰ সমীপৱৰ্তী মেটেকা পানীচুকী গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মৃত ব্যক্তি দুগৰাকী পিতৃ বাণিকান্ত বৰা (৫৫) আৰু পুত্ৰ পার্থপ্ৰতিম বৰা (২০) বুলি জানিব পৰা গৈছে।
Photo Credit: flickr