
ডিব্ৰুগড়ত দীৰ্ঘদিনৰ অন্তত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আছুৱে আদৰিলে ক’লা পতাকাৰে। ক’লা পতাকাৰ ভয়ত ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে বিন্ধাকটা মুলুক গাঁৱলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী।
পিছে মোহনবাৰীতে আছু কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে কলা পতাকাৰে আদৰে সৰ্বানন্দ সোনোৱালক।আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ব্যাপক নিৰাপত্তা বেষ্টনিৰ মাজতো আছুৱে কলা পতাকা দেখুৱাই বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
Photo Credit: @abdulrajjak