
জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত অসুস্থ। মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক। উল্লেখ্য যে, তেওঁ উশাহ লোৱাত অসুবিধা পোৱাৰ পিছতে হাস্পতালত ভৰ্তি কৰা হৈছে।
ইফালে অভিনেতাগৰাকীৰ কভিড টেষ্ট নিগেটিভ বুলি জানিব পৰা গৈছে। এন্টিজেন টেষ্টৰ জৰিয়তে তেওঁৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল। আৰটি পিচিআৰ পৰীক্ষা কৰাৰ বাবে তেওঁৰ স্বাৱ লোৱা হৈছে বুলি সদৰি কৰিছে লীলাৱতী হাস্পতালৰ চীফ অপাৰেটিং বিষয়া ডাঃ ভি ৰবিশংকৰ।
৬১ বছৰীয়া অভিনেতাগৰাকীক নন-কভিড আইচিইউত ভৰ্তি কৰা হৈছে। তেওঁৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে চিকিৎসকৰ দলে।