Breaking: নাহৰকটীয়াত পিষ্টল দেখুৱাই চাৰি লাখ টকা লুট, প্ৰাণ ৰক্ষাৰ বাবে নদীত জাঁপ দি ১টা ডকাইতৰ মৃত্যু

ইটালীত নিৰ্মিত ৭.৬৫ নম্বৰৰ এটা পিষ্টল সহ ৩ জাই সজীৱ গুলী আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে

0
114

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাৰ অৰ্ন্তগত কলীয়াপানী অঞ্চলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দুলীয়াজানৰ চাই টেলিকম নামৰ এয়াৰটেল ডিষ্ট্ৰিবিউটৰ এটাৰ কৰ্মচাৰী তথা ১ নং দুলীয়াজান গাঁৱৰ পুৰুষোত্তম ছেত্ৰীয়ে এয়াৰটেলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চাৰি লাখ টকা সংগ্ৰহ কৰি এখন স্কুটিৰে নাহৰণিৰ পৰা নাহৰকটীয়াৰ অভিমুখে আহি আছিল। সেই সময়তে কলীয়াপানী অঞ্চলৰ গনেশ দোকানৰ সন্মুখত দুখন মটৰচাইকেলত মুখত কাপোৰ বান্ধি অহা চাৰিজনীয়া ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই ছেত্ৰীৰ পৰা সমুদায় ধন লুট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিচত ভুক্তভোগী যুৱকজনে ঘটনা সৰ্ন্দভত নাহৰকটীয়া আৰক্ষীক অৱগত কৰে। লগে লগে নাহৰকটীয়া আৰক্ষীয়ে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে ডকাইতৰ দলটোৰ সন্ধানত নামে। আৰক্ষীৰ অভিযানকাৰী দলটোৱে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ডকাইতি কাণ্ডৰ লগত জড়িত কৰুণা গগৈ ওৰফে গুণ্ডা আৰু তৰুণ গগৈক চাচনীৰ অভিমুখে মটৰ চাইকেলত গৈ থকা অৱস্থাত ৰ’বলৈ সংকেত দিয়ে। লগে লগে ডকাইতি দুটাই আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ চেষ্টা চলায়।

কিন্তু আৰক্ষীয়ে তেওঁলোকক খেদি যোৱাত অৱশেষত ডকাইত দুটাই আত্মৰক্ষা কৰিবলৈ চাচনীৰ দিহিং কিনাৰ কলাগড়া গাঁৱৰ সমীপত পিষ্টল দলিয়াই বুঢ়ীদিহিং নৈৰ বুকুত জাপ দিয়ে। আৰক্ষীৰ অভিযানকাৰী দলটোৱে বুঢ়ীদিহিং নৈৰ বুকুত অভিযান চলাই নাহৰকটীয়াৰ বালিমৰা গাঁৱৰ কৰুণা গগৈ (৪৮)ক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে আনটো ডকাইত টিংখাংৰ কপৌহুৱা গাঁৱৰ তৰুণ গগৈ(৩৪) নদীৰ মাজলৈ গৈ স্থানীয় লোকে মাছ মাৰিবলৈ পাতি থোৱা জালত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হয়।

শেহতীয়াকৈ নাহৰকটীয়া আৰক্ষীয়ে নিহত ডকাকইতৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। আনহাতে আৰক্ষীয়ে ধৃত কৰুণা গগৈক নাহৰকটীয়া আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ধৃত কৰুণা গগৈৰ কবলৰ পৰা ইটালীত নিৰ্মিত এটা ৭.৬৫ নম্বৰৰ পিষ্টল সহ ৩ জাই সজীৱ গুলী আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে ভুক্তভোগী পুৰুষোত্তম ছেত্ৰীয়ে ঘটনা সৰ্ন্দভত নাহৰকটীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ২৪/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত অন্য দুটা ডকাইতক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানৰ লৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই।

Photo Credit: @abdulrajjak