Breaking: তিনিচুকীয়াত ৩ লিংকমেনসহ আটক এজন আলফা সদস্য

আটকাধীন আলফা সদস্য মৃদুল মহন্ত ওৰফে নিবিড় অসম

0
72

তিনিচুকীয়াৰ বৰডুমছা থানাৰ অন্তৰ্গত চিকৰাজানত পুৱতি নিশা সেনা-আৰক্ষীৰ যুটীয়া অভিযান। অভিযানত আটক এজন আলফা সদস্যসহ তিনি লিংকমেন। আটকাধীন আলফা সদস্য মৃদুল মহন্ত ওৰফে নিবিড় অসম আনহাতে লিংকমেন কেইজন হৈছে নিৰৱ মৰাণ, দিপাংকৰ মৰাণ আৰু শৰৎ মৰাণ।

অভিযানৰ সময়ত এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, ১১ জাই সক্ৰিয় গুলি, আলফাৰ এখন উকা পেড, তিনিটা মোৱাইল আৰু দুখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে৷

ধৃত আলফা সদস্য নিবিড় অসমে ম্যানমাৰৰ আলফা শিৱিৰৰ পৰা পলাই আহি অৰুণাচলত পূৰ্বে আটক হৈছিল যদিও তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নাছিল৷

এক বিশেষ তথ্যৰ ভিত্তিত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন আটাইকেইজনকে অধিক তথ্যৰ বাবে আৰক্ষীৰ মাৰথান জেৰা অব্যাহত আছে।

Photo Credit: Keshab Mahanta