
ৰাজ্যত ক’ভিডৰ সন্ত্ৰাস। চামগুৰিত ক’ভিড-১৯ত আক্ৰান্তহৈ মৃত্যু প্ৰথমজন ব্যক্তিৰ। মৃত লোকজন চামগুৰিৰ মালিবস্তী-মিকিৰগাঁৱৰ বিমল হেৰে।
শাৰীৰিক অসুস্থতাৰ বাবে দুদিন পূৰ্বে নুমলীগড়ৰ কৰ্মস্থলীৰ পৰা চামগুৰি স্থিত নিজৰ ঘৰলৈ আহিছিল লোকজন।
শনিবাৰে চামগুৰিত পৰিয়াল সহ কৰা ৰেপিড এণ্টিজেন টেষ্টত লোক জনৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছিল লগতে পৰিয়ালৰ বাকীসকলৰ ফলাফল নিগেটিভ আহিছিল।
স্বাস্থ্য বিভাগৰ ফালৰ পৰা মৃত বিমল হেৰেৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ আঠ জন সদস্যক শনিবাৰৰ পৰা হোম কোৱাৰেনটাইনৰ ব্যৱস্থা কৰা হৈছে।
আৰু পঢ়ক : ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত ১৪৪ ধাৰা জাৰি…