
মাজুলীৰ গড়মূৰ তিনিআলিত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। কেইবালাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত সম্পুৰ্ণৰূপে ছাইত পৰিণত।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ। অগ্নি নিৰ্বাপন বাহিনীৰ তৎপৰতাত আৰু অধিক ক্ষয় ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে অঞ্চলটো। লাখ টকাৰ সামগ্ৰী ধ্বংস হ’লেও বৰ্তমানলৈ ক্ষয় ক্ষতিৰ সঠিক হিচাপ উলিয়াব পৰা হোৱা নাই।

Photo Credit: @kalpajitsaikia