Breaking: চুৰাটত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক বাগৰি পৰি ভংয়কৰ বিস্ফোৰণ

ঘটনাস্থলিত মুঠ ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপিত কৰে

0
49

গুজৰাটৰ চুৰাট চহৰত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক পথৰ কাষত বাগৰি যোৱাত তাত থকা চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই অগ্নিকাণ্ডৰ। চকুৰ সমুখতে কেইবাটাও চিলিণ্ডাৰৰ বিস্ফোৰণ হয়।

ঘটনা সংঘটিত হোৱা ঠাইৰ কাষতে এখন স্কুলবাছো উপস্থিত আছিল। সেইসময়ত বাছখনত মুঠ ২৫গৰাকী ছাত্ৰ-ছাত্ৰী আছিল। অৱশ্য সুকলমে উদ্ধাৰ কৰা হয় বাছে সৈতে সকলো ছাত্ৰ-ছাত্ৰীকে।

জুইৰ লেলিহান শিখা ইমানেই বিয়পি পৰে যে এই জুই নিৰ্বাপিত কৰিবৰ বাবে ঘটনাস্থলিত মুঠ ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপিত কৰে। বৰ্তমানলৈ ক্ষয়ক্ষতিৰ কোনোধৰণৰ খবৰ লাভ হোৱা নাই।

Photo Credit: Zee News