
বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত কৰ’ণাৰ সন্দেহত এজনক নিশা ভৰ্তি৷ লোকজনৰ শৰীৰত দেখা পোৱা গৈছে কৰ’ণা ভাইৰাছৰ লক্ষণ। বৰ্তমানে লোকজনক ৰখা হৈছে চিকিৎসালয়খনৰ আছুতীয়া কক্ষত৷
উল্লেখ্য যে কেইদিনমান পূৰ্বে কেৰেলাৰ পৰা বিশ্বনাথস্থিত নিজৰ বাসগৃহলৈ আহিছিল লোকজন। অহাৰ পিছতে লোকজন আক্ৰান্ত হৈছিল জ্বৰ আৰু পানীলগাত৷
Photo Credit: @hassinuralom