Breaking: খেল’ ইণ্ডিয়াত অসমৰ দ্বিতীয়টো স্বৰ্ণ, জুডুৰ পিছত এইবাৰ চাইক্লিং

গংগোত্ৰীৰ লগতে একেটা ইভেন্টতে ব্ৰঞ্জ লাভ কৰে আন এগৰাকী অসম কন্যা ছয়নিকাই

0
57

খেল’ ইণ্ডিয়াত অসমৰ খেলুৱৈৰ দ্বিতীয়টো স্বৰ্ণপদক। এইবাৰ গংগোত্ৰী বৰদলৈৰ স্বৰ্ণ পদক লাভ। ৬০ কিমি চাইক্লিং ৰেচত এই পদকলাভ কৰিবলৈ সক্ষম হয় গংগোত্ৰী। গংগোত্ৰীৰ লগতে একেটা ইভেন্টতে ব্ৰঞ্জ লাভ কৰে আন এগৰাকী অসম কন্যা ছয়নিকা গগৈ।

ৰহাৰ কিশোৰী গংগোত্ৰী বৰদলৈৰ পূৰ্বে খেল’ ইণ্ডিয়াত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ আজুৰিছে পূজা বসুমতাৰীয়ে। কাৰ্বি আংলং জিলাৰ এক দৰিদ্ৰ পৰিয়ালৰ কিশোৰী পূজাই ১-০ পইন্টৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীক পৰাস্ত কৰি এই পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Photo:Time8