জুৱাখেলত আৰক্ষীৰ ছাৰপ্ৰাইজ ভিজিটঃ ২৩ হাজাৰ টকাসহ ৫ জন জুৱাৰী ৰঙাঘৰলৈ
ৰাজ্যত কাঠফুলাৰ দৰে বিয়পিছে জুৱা খেলৰ ৰমৰমীয়া বেহা।
দৰঙৰ খাৰুপেটীয়াতৰ জুৱা খেল স্থলীত আৰক্ষীৰ ছাৰপ্ৰাইজ ভিজিট।
খাৰুপেটীয়া ঘনশিমলূত নিশা জুৱাখেল চলাই থকা অৱস্থাত খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে আটক কৰে পাঁচ জুৱাৰীক৷
জুৱাৰী কেইজন হল ঘনশিমলূ গাঁৱৰ জয়নাল আব্দিন, নুৰুদ্দিন আহমেদ, দিলোৱাৰ হুছেইন, পূৱ বাহাবাৰী গাঁৱৰ আমিৰুল ইছলাম আৰু মোৱামাৰীৰ আব্দুল খালেক৷
জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ২৩ হেজাৰ ছশ টকাৰ সৈতে জুৱাৰ সামগ্ৰী জব্দ কৰে৷
আৰু পঢ়ক : কৃষকৰ বিপৰ্যয়ঃ বজাৰত নাপায় উপযুক্ত মূল্য, বিক্ৰী কৰিব নোৱাৰি গৰু ম’হক খুৱাইছে বিলাহী,বেঙেনা, কবি