
বামুনিমৈদামস্থিত উচ্চতৰ মাধ্যমিকৰ কাৰ্যালয়ত আজি অনুস্থিত কৰা হৈছিল এক সংবাদমেল। এই সংবাদমেল সম্বোধন কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে। সংবাদমেলত এক গুৰুত্বপূৰ্ণ কথা সদৰি কৰে অধ্যক্ষগৰাকীয়ে।
নতুন শিক্ষা নীতি সন্দৰ্ভত শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰৰ সেউজ সংকেত পালেই সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পদ্ধতি। উচ্চতৰ মাধ্যমিকৰ প্ৰথম, দ্বিতীয় বৰ্ষত হ’ব চেমিষ্টাৰ পদ্ধতি। ইতিমধ্যে নতুন শিক্ষা নীতিৰ লগত খাপ খুবাবলৈ সাজু শিক্ষা সংসদ।
লগতে অচিৰেই সলনি হ’ব পাঠ্যপুথি। অৱশ্যে চৰকাৰৰ পৰা এই বিষয়ত আহিব লাগিব সেউজ সংকেত। সংসদক দুৰ্নীতি মুক্ত কৰাৰ ক্ষেত্ৰত বিষয়াৰ ওপৰত কঠোৰ হৈছে অধ্যক্ষ দয়ানন্দ বৰগোঁহাই। দুৰ্নীতিৰ অভিযোগৰ বাবেই ইতিমধ্যেই উপ সচিব ৰঞ্জন দাসক সংসদৰ কাম কাজৰ পৰা আঁতৰাই ৰখা হৈছে।
Photo credit: India Today