Breaking: গোসাঁইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ২

মৃত লোক দুগৰাকীৰ নাম বাবলু ৰায় আৰু সৰস্বতী সাহা

0
66

ইংৰাজী নৱ বৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই নিশা গোসাঁইগাঁও সদৰ চহৰৰ দূৰ্গাপাৰাত এক ভয়াবহ পথ দুৰ্ঘটনাত। দুৰ্ঘটনাটোৰ ফলক থিতাতে নিহত হয় দুজন লোক। মৃত লোক দুগৰাকীৰ নাম বাবলু ৰায় আৰু সৰস্বতী সাহা।

গোসাঁইগাঁও সদৰ চহৰৰ উত্তৰপাৰাৰ বাসিন্দা বাবলু ৰায়ে(২৩) নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ AS 16 G 8864 নম্বৰৰ পালচাৰ বাইকখনৰে এটা বৈদ্যুতিক খুটাত খুন্দিওয়াৰ ফলত এই দূৰ্ঘটনাটো সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত বাইক চালক বাবলু ৰায়ৰ মৃত্যু হোৱাৰ উপৰি বাইকৰ খুন্দাত মৃত্যু হয় স্বৰসতী সাহাৰ।

Inputs And Photo: @Biswajitchaudhury