Breaking: যোৰহাট মিছন হস্পিতালত মৃত মহিলাৰ কানৰ পৰা সোণৰ কানফুলি চুৰি নিৰাপত্তাৰক্ষীৰ

এই সমগ্ৰ দৃশ্য বন্দী হয় হস্পিতালখনৰ চিচি টিভিৰ কেমেৰাত

0
131

যোৰহাট মিছন হস্পিতালত উতপ্ত পৰিস্থিতি। মৃত মহিলাৰ কানৰ পৰা সোণৰ কানফুলি চুৰ কৰিলে নিলে নিৰাপত্তাৰক্ষীয়ে। মৃত মহিলাগৰাকী যোৰহাট বাঘচুঙৰ দুলুমনি বৰা বুলি জানিব পৰা গৈছে।

কালি সংকটজনক অৱস্থাত হস্পাতালখনত ভৰ্ত্তি কৰোৱা হৈছিল মহিলাগৰাকীক। পিছে তাৰ পাছতেই মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছিল চিকিৎসকে।

সেই সময়ত মৃত দুলুমনি বৰাৰ লগত ৱাৰ্ডত আছিল এগৰাকী নিৰাপত্তাৰক্ষী। ত্ৰিচুল নামৰ চিকউৰটি এজেঞ্চিৰ নিৰাপত্তাৰক্ষী ডেভিডে কোনো নথকাৰ সুযোগ লৈ মৃতদেহৰ পৰা চুৰি কৰে সোণৰ কানফুলি।

এই সমগ্ৰ দৃশ্য বন্দী হয় হস্পিতালখনৰ চিচি টিভিৰ কেমেৰাত। ইতিমধ্যে চিকিউৰিটি গাৰ্ড জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

Inputs And Photo: Rituraj Phukan