Breaking: প্ৰতিবাদত নিষেধাজ্ঞা গেছ আৰু তৈলক্ষেত্ৰৰ কৰ্মচাৰীক

ছমাহলৈ প্ৰতিবাদত নিষেধাজ্ঞা জাৰি কৰিলে চৰকাৰে

0
43

গেছ আৰু তৈলক্ষেত্ৰৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ। পৰৱৰ্তী ছমাহলৈ প্ৰতিবাদত নিষেধাজ্ঞা জাৰি কৰিলে চৰকাৰে। প্রয়োজনীয় পৰিসেৱা ৰক্ষণাবেক্ষণ (অসম) আইনৰ অধীনত এই নিৰ্দেশনা জৰি।

এই আইনৰ নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা গেছ আৰু তৈলক্ষেত্ৰৰ কৰ্মচাৰীয়ে কোনো প্ৰতিবাদ কৰা দূৰৰ কথা, কোনো প্ৰতিবাদত ভাগ ল’বও নোৱাৰিব। যদিহে এই দুয়োক্ষেত্ৰৰ কোনো কৰ্মচাৰী প্ৰতিবাদত অংশ লোৱা পৰিলক্ষিত হয় বা তেনে কোনো কাৰ্যৰ বাবে ধৰা পৰে তেন্তে উক্ত আইনৰ অধীনত উচিত শাস্তি বিহা হ’ব।