Breaking: শোৱাপাটীতে পিতৃয়ে হত্যা কৰিলে পত্নীসহ ৩ সন্তান

নিশা গভীৰ টোপনিত থাকোতেই শোৱা পাটিতে ঘাটকে হত্যা কৰে চাৰিওকে

0
176

কলিয়াবৰৰ শিলঘাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ঘাটকৰ নৃশংসতাৰ বলি হ’ল নিজ পত্নীসহ তিনি কন্যা। পাষাণ পিতৃয়ে নিজ হাতেই কাটি টুকুৰা টুকুৰ কৰিলে নিজ সন্তানক।

নিশা গভীৰ টোপনিত থাকোতেই শোৱাপাটীতে ঘাটকে হত্যা কৰে চাৰিওকে। পুৱাহে বহু দেৰিলৈ ঘৰখনৰ কোনো বাহিৰ নোলোৱাত সন্দেহ ওপজে ওচৰ চুবুৰিয়াৰ। ঘৰখনলৈ গৈ চাওতেই ওলাই পৰে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।

ঘাটক জয়ন্ত কুমাৰ বৰ্মনে

ঘাটক জয়ন্ত কুমাৰ বৰ্মনে পত্নী বজয়ন্তী বৰ্মন(৩৭), কন্যা নিকিতা বৰ্মণ(১২), ভাস্বতী বৰ্মণ(১০) আৰু নিবেদিতা বৰ্মণ(৬)ক হত্যা কৰি পলায়ন। বৰ্তমানে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈছে, যদিও পলাতক হত্যাকাৰী সন্দৰ্ভত কোনো সম্ভেদ লাভ কৰা নাই।

Photo Credit: Time8 Web desk