Breaking: দিল্লী চৰকাৰৰ নাকচ মুকেশ সিঙৰ ক্ষমাৰ আৱেদন

নিৰ্ভয়াকাণ্ডক লৈ ক্ষমাৰ আৱেদন কৰিছিল মুকেশ সিঙে

0
36

দিল্লী চৰকাৰে নাকচ কৰিলে মুকেশ সিঙৰ ক্ষমাৰ আৱেদন। নিৰ্ভয়াকাণ্ডক লৈ ক্ষমাৰ আৱেদন কৰিছিল মুকেশ সিঙে। যিমানে ফাঁচীৰ দিন ওচৰ চাপি আহিছে সিমানে হীনমান্যতাত ভুগিছে অপৰাধী কেইজনে। শেষ সময়লৈ ৰক্ষা পোৱাৰ বাবে বাৰে বাৰে কৰি গৈছে ৰেহাই আৱেদন। দিল্লীৰ উপ ৰাজ্যপালে গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিলে ক্ষমাৰ আৱেদন। পিছে পুনৰ নাকচ সেই আৱেদন। জঘন্য অপৰাধৰ দোষী কেইটাই ফাঁচীৰ পৰা ৰক্ষা পাবলৈ সকলো ন্যায়িক বিকল্প গোটাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে তিহাৰ জেলত নিৰ্ভয়াৰ অপৰাধী কেইটাক নিৰ্ধাৰিত সময়ত ফাঁচীকাঠত ওলমোৱাৰ কাৰণে সকলো প্ৰস্তুতি চলি আছে। সংবাদ মাধ্যমৰ হাতত পৰা খবৰ অনুসৰি, জেল প্ৰশাসনে চাৰিওটা অপৰাধীৰ ডিঙিৰ জোখ পৰ্যন্ত লৈছে। এই সময়চোৱাত দোষী মুকেশ সিং, অক্ষয় ঠাকুৰ, বিনয় শর্মা আৰু পৱন গুপ্তাই হিয়া ঢাকুৰি কান্দে আৰু জীৱন ভিক্ষা বিচাৰি জেল কৰ্তৃপক্ষক অনুনয় বিনয় কৰে।

photo credit: yespunjab.com