Breaking: কোৰেৰে ঘপিয়াই বৌৱেকক হত্যা দেওৰেকৰ

বৰ্তমানলৈ হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই

0
78

কামৰূপৰ গ্ৰাম্যৰ ছয়গাঁৱৰ জোৰশিমুলি টপাৰপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। নৃশংসভাৱে কোৰেৰে ঘাপ মাৰি নিজৰেই বৌৱেকক হত্যা কৰিলে দেওৰেকে।

ছয়গাঁৱৰ জোৰশিমুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী নজৰুল ইছলামক। আনহাতে নিহত মহিলাগৰাকী জাহিদা বেগম বুলি জানিব পৰা গৈছে। পিছে বৰ্তমানলৈ হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। কোৰেৰে মুৰত ঘাপ মাৰি নজৰুলে হত্যা কৰে বৌৱেকক।

Photo : @manimala-deka