
বৰপেটাৰ কপাহতলীচৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও দূৰ্ঘটনা। টুলুঙা নাও ডুবি এটি শিশুৰ মৃত্যু। লগতে নিৰুদ্দেশ ছয়জনকৈ লোক। আনহাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অন্য সাতজন লোকক।
কালি সন্ধিয়া সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তগর্ত হেলাপাখৰীৰ পৰা বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত কপাহতলীত বিয়াৰ নিমন্ত্ৰণ খাবলৈ গৈছিল এই লোকসকল। পিছে বিয়া ঘৰ নাপালেগৈ, যোৱাৰ সময়তে নাও ডুবি সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
সম্প্রতি পঞ্চৰত্ন আৰু আলোপতি নদী আৰক্ষী থানাৰ আৰক্ষীয়ে এচ ডি আৰ এফ বাহিনীক লৈ নিৰুদ্দেশ হোৱা লোকৰ উদ্ধাৰ কাৰ্য চলাই আছে।
Photo: Monzur Alom