
গোলাঘাট জিলা বিজেপিৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ অহা ৰাজ্যিক সভাপতি ৰণজিৎ দাসক আছু আৰু AJYCPৰ ক’লা পতাকা প্ৰদৰ্শন। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পাছতো আছুৰ ক’লা পতাকা ৰোধত ব্যৰ্থ প্ৰশাসন।
এই ক’লা পতাকা প্ৰদৰ্শন কাৰ্যসূচীত আছু আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি। প্ৰত্যুত্তৰত ৰণজিৎ দাসেও আছু কৰ্মী আৰু AJYCPৰ কৰ্মীক প্ৰদৰ্শন কৰে গামোচা।
ক’লা পতাকা প্ৰদৰ্শন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি আব্দুল হাছিম সম্পাদক নিকুঞ্জ মেধীক গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰিঞ্চ দলেসহ ১০ জন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। ইফালে গোলাঘাট উপস্থিত হৈয়ে সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত ৰাইজৰ সহাৰি দেখি আগন্তুক দিনত গোলাঘাটত ভাৰতীয় জনতা পাৰ্টিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।
Photo Credit: Rajib Karmakar