Breaking: ৰাজপথত আগচি ধৰি শিল্পী ৰাজীৱ শদিয়াক আক্ৰমণ দুৰ্বৃত্তৰ

চিমেন চাপৰিত মে-ডাম-মে-ফীৰ এক সংগীতানুষ্ঠানত অংশ লৈ গৃহ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা

0
64

ধেমাজিৰ কূলাজানত নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কণ্ঠশিল্পী ৰাজীৱ শদিয়া সহ সহযোগী শিল্পীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমন। নিশা ৰাজপথত আগচি ধৰি শিল্পীৰ দলটোৰ ওপৰত আক্ৰমন ৮-১০ জনীয়া দুৰ্বৃত্তৰ দলৰ।

তৰোৱালেৰে ঘপিয়াই ভাঙিলে ৰাজীৱ শদিয়াৰ বাহন। চিমেন চাপৰিত মে-ডাম-মে-ফীৰ এক সংগীতানুষ্ঠানত অংশ লৈ গৃহ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

মাজ নিশা দুৰ্বৃত্তই শিল্পী দলটোৰ পৰা ধন কাঢ়ি নিয়াৰ লগতে মাৰপিট কৰে। ধেমাজিৰ কুলাজান তিনিআলিৰ পৰা কিছু দুৰৈত সংঘটিত উক্ত স্থানত পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈছে। নিশাই বগীবিল আৰক্ষী চকীত এজাহাৰ শিল্পী দলটোৰ।

Photo: @hassinuralom