27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    AASU-AJYCPৰ নতুন ৰাজনৈতিক দলৰ নাম ”অসম জাতীয় পৰিষদ”

    অৱশেষত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষণা কৰিলে নতুন ৰাজনৈতিক দলৰ নাম ।

    সংগঠনদুটাৰ নতুন ৰাজনৈতিক দলৰ নাম হ’ল ‘অসম জাতীয় পৰিষদ’ ।

    ১৪ চেপ্তেম্বৰত গুৱাহাটী পানবজাৰ অৱস্থিত প্ৰাগ কন্টিনেন্টেল হোটেলত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰা হয় ।

    উল্লেখ্য যে, পৰৱৰ্তী সময়ত তীব্ৰ গতিত চলিব সাংগঠনিক কাম কাজ ।

    ইতিমধ্যে এই দলটোৰ সাংগঠনিক কাম ২৫ খন জিলাত আৰম্ভ হৈছে বুলি সংবাদমেলত উল্লেখ কৰে ।

    জিলা ভিত্তিত বা সমষ্টি ভিত্তিত সাংগঠনিক কাম কাজ সম্পূৰ্ণ হ’ব ৩০ অক্টোবৰ ভিতৰত।

    এই সংবাদমেলত উপস্থিত হৈ বসন্ত ডেকাই কয় যে ”এই সময়ৰ পৰাই আমাৰ দলৰ কাম কাজ আৰম্ভ হ’ল । সকলো জাতি- জনগোষ্ঠী, নিকা ভাবাপন্ন হ’ব। যুৱচামক অগ্ৰাধিকাৰ দিয়া হ’ব ” ।

    লগতে এই সংবাদমেলত কোৱা হয় যে ”দলটোৱে কেৱল দল নহয় মানুহৰ ওচৰত থাকিব বিচাৰো ”।

    তদুপৰি নতুন ৰাজনৈতিক দলটোৰ বাবে এটা শ্ল’ গানো ঠিক কৰা হৈছে । শ্ল’ গানটো হল ঘৰে ঘৰে আমি ।

    উল্লেখ্য যে এই দলৰ কাম ৰাজ্যিক, জিলা, আঞ্চলিক, বুট ভিত্তিত কাম কাজ হ’ব । লগতে দলটোৰ ৰাজ্যৰ সমন্বয়কৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন মন্ত্ৰী তথা শদিয়াৰ বিধায়ক জগদীশ ভূঞাক।

    উল্লখ্য যে, আছু আৰু AJYCP ৰ অধিবেশন পিছতে নতুন দলৰ অধিবেশন হব। সেই দুইটা সংগঠন পৰা কিছু নেতৃত্ব উলাই আহি নতুন দলত যোগদান কৰিব।

    এই সংবাদমেলত উপস্থিত থাকি জগদীশ ভূঞাই কয় যে ”ৰাষ্ট্ৰীয় দলত থকা যিসকলৰ মনত এতিয়াও আঞ্চলিকতাবাদ আছে,তেঁওলোকক এই নতুন দললৈ আদৰণি” ।

    লগতে কয় যে ”কা- আন্দোলনকে ধৰি অন্যান্য কাৰণত যি সকলে এতিয়াও দল ত্যাগ কৰি ঘৰতে আছে তেওঁলোকে আমাক সহযোগ কৰক” ।

    তদুপৰি দলটোৰ ৰাজনৈতিক কাম কাজ অহা নৱেম্বৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি কোৱা হয় । তদুপৰি পৰৱৰ্তী সময়ত দলটোৰ সংবিধান আৰু পতাকা দিয়া হ’ব বুলি উল্লেখ কৰে দলটোৰ সদস্য সকলে ।

    অধিক জনাৰ বাবে ৰিফ্ৰেচ কৰক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং