Breaking: তিনিচুকীয়াত ৩ ট্ৰাকভৰ্তি ৫০ৰো অধিক সন্দেহজনক নাগৰিক আটক

আটক হোৱা সন্দেহজনক সকলৰ কোনো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ তথা পৰিচয় পত্ৰ নাই

0
93

নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসম প্ৰতিবাদমুখৰ হৈ থকাৰ মাজতে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক গেটত ৫০ৰো অধিক সন্দেহজনক নাগৰিকক আটক৷ অঞ্চলটোৰ কেইবাটাও সংগঠনৰ সদস্যই আটক কৰা ব্যক্তিসকলক পৰশুৰামকুণ্ডলৈ দৰ্শনৰ বাবে নিয়া হৈছিল বুলি জানিব পৰা গৈছে ৷ কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা, অসমীয়া কব নজনা, অসমলৈ অহা তিনি, চাৰি মাহ হোৱা ব্যক্তিসকলক তিনিচুকীয়া পৰশুৰাম সেৱা সমিতি নামৰ সংস্থাটোৱে অৰুণাচল প্ৰদেশত সোমাবৰ বাবে কেনেকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ দিলে সেইয়া ৰহস্যজনক বিষয়৷

তিনিখন ট্ৰাকত নিয়া সন্দেহজনক সকলৰ কোনো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ তথা পৰিচয় পত্ৰ নাই৷ তেনে অৱস্থাত অৰুণাচল প্ৰদেশৰ প্ৰশাসনে কেনেদৰে এনেধৰণৰ লোকক অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ পাৰপত্ৰ দিলে সেয়া এক ৰহস্যজনক বিষয়৷ অৰুণাচল প্ৰদেশ আৰু অসমৰ প্ৰশাসনে এনেধৰণৰ ব্যক্তিৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷

Photo Credit: @keshab-mahanta