
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আত্মসমৰ্পণ শ শ উগ্ৰপন্থীৰ। মুখ্যমন্ত্রী তথা গৃহমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পণ কৰে এইসকল বিদ্ৰোহী নেতাই। দীৰ্ঘকাল ধৰি আত্মগোপন কৰি থকা এইসকল বিদ্ৰোহী নেতাই এতিয়া ঘূৰি আহিছে মূল সূঁতিলৈ। সোণোৱালৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে অসম ডি জি পি ভাস্কৰ জ্যোতি মহন্ত।

ইয়াৰ ভিতৰত উল্লেখ যোগ্য এনডিএফবি এছৰ দুৰ্ধৰ্ষ নেতা ভি বিদায় ওৰফে বিষ্ণু বসুমতাৰি, দুৰ্ধৰ্ষ শ্বাৰ্প শ্বুটাৰ বি বাথা ওৰফে বিনোদ মুছাহাৰী আদি। লগতে আছে অন্য ৬৪৪ গৰাকী বিদ্ৰোহী নেতা। আত্মসমৰ্পন কৰি এই সকল নেতাই জমা দিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

বি চাওৰাইগ্ৰা আৰু বি ফেৰেংগাৰ পিছত শান্তি আলোচনাৰ প্ৰতি সহাৰি জনায় মুকলি আকাশৰ তললৈ ওলাই আহে এইসকল উগ্ৰপন্থী নেতা।
Facebook URL
Embedded content from facebook.com can’t be previewed in the editor.
উল্লেখযোগ্য যে এনডিএফবি (এছ)ৰ উপাধ্যক্ষ দায়িত্বত থকা বিদায় ওৰফে বিষ্ণু বসুমতাৰি শোণিতপুৰ জিলাৰ আদিবাসী নিধন যজ্ঞৰ পাছতে মষ্ট ৱান্টেড হৈ পৰিছিল। বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত অভিযুক্ত বিদায়ক কৰায়ত্ব কৰাৰ বাবে কেইবা বাৰো সেনা আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁক কৰায়ত্ব কৰিব পৰা নাছিল।
Photo: Time8