Breaking: ডবকা আৰক্ষীৰ সাফল্য, ২টাকৈ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

পূৰ্বেও বহু কেইটা ডকাইটি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে

0
39

ডবকাৰ উদমাৰি গাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে দুটা দুৰ্ধৰ্ষ ডকাইত৷ ধৃত ডকাইত দুটাৰ নাম ক্ৰমে মিছবাহ উদ্দিন আৰু নুৰ হুছেইন বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে৷

দুয়ো ফৰেষ্ট ভিলেইজৰ বলাই মিয়া নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল৷ ফৰেষ্ট ভিলেইজৰ কাষতে থকা বালি মহলৰ মহলদাৰক অপহৰণ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ৷

পূৰ্বেও বহু কেইটা ডকাইটি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে৷ দুয়োকে ডবকা আৰক্ষী থানাত মাৰাথান জেৰা চলাই আছে আৰক্ষীয়ে৷

Photo Credit: Sohidul Alam