ব্ৰাজিলৰ তাৰকা ষ্ট্ৰাইকাৰ নেইমাৰ আঘাতপ্ৰাপ্ত, চিকিৎসকে জনালে সবিশেষ

0
3116

ব্ৰাজিলে ছাৰ্বিয়াৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰি কাটাৰ ফিফা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে। আৰম্ভণি বিজয়েৰে হ’লেও খেলখনত তেওঁলোকৰ তাৰকা ষ্ট্ৰাইকাৰ নেইমাৰ আঘাতপ্ৰাপ্ত হোৱা খবৰে অনুৰাগী তথা দলীয় মেনেজমেণ্টক চিন্তাত পেলাইছে।

অৱশ্যে তেওঁ পৰৱৰ্তী মেচখনৰ পূৰ্বে সম্পূৰ্ণৰূপে ফিট হোৱাৰ সম্ভাৱনা আছে।

ব্ৰাজিলৰ দলৰ চিকিৎসক ৰড্ৰিগো লাছমাৰে কয় যে নেইমাৰে সোঁ ভৰিৰ গোৰোহাত আঘাত পাইছে। তেওঁ অৱশ্যে সোমবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পৰৱৰ্তী মেচখনত উপলব্ধ হ’ব নে নহয় সেই কথা উল্লেখ কৰা নাই।

তেওঁ কয়, ‘আমি ডাগআউটৰ বেঞ্চত তেওঁৰ বিষ হোৱা অংশত আৰু পিছত ফিজিঅ’থেৰাপিৰ সময়ত বৰফ ব্যৱহাৰ কৰিছো। আঘাতৰ ভয়াৱহতা এতিয়াও জানিব পৰা হোৱা নাই’।

উল্লেখ্য যে ২০১৪ চনৰ বিশ্বকাপতো আঘাতপ্ৰাপ্ত হৈছিল নেইমাৰ। ব্ৰাজিলত অনুষ্ঠিত হোৱা সেইবাৰৰ বিশ্বকাপত কলম্বিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত কঁকালৰ বিষৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল।

নেইমাৰৰ অনুপস্থিতিত ছেমি ফাইনেলত জাৰ্মানীৰ হাতত ৭–১ গ’লত পৰাস্ত হৈছিল ব্ৰাজিল।