চিকিৎসালয়ত ভৰ্তি ব্ৰাজিলৰ মহান ফুটবল খেলুৱৈ পেলে

0
901

ব্ৰাজিলৰ মহান ফুটবল খেলুৱৈ পেলেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি ৮২ বছৰীয়া পেলে ‘টিউমাৰ’ সমস্যাত ভুগি আছে, যাৰ বাবে তেওঁক চিকিৎসালয়লৈ অনা হৈছে।

জানিব পৰা মতে, বৰ্তমান তেওঁৰ অৱস্থা গুৰুতৰ নহয়। বুধবাৰে এই তথ্য দি পেলেৰ কন্যা কেলি নাচিমেণ্টোৱে কয় যে তেওঁৰ পিতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো জৰুৰীকালীন অৱস্থা নাই।

উল্লেখ্য যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত পেলেৰ ‘কলন টিউমাৰ’ৰ চিকিৎসা কৰা হৈছিল।

আমেৰিকাত বাস কৰা পেলেৰ কন্যাই ইনষ্টাগ্ৰামৰ জৰিয়তে জানিব দি লিখিছে, ‘আজি মোৰ দেউতাৰ স্বাস্থ্যক লৈ সংবাদ মাধ্যমত বহু চিন্তা প্ৰকাশ কৰা হ’ল। আমি সঁচাকৈয়ে এই মৰমৰ শলাগ লওঁ’।

ই এছ পি এন ব্ৰাজিলে ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে তিনিবাৰৰ বিশ্বকাপ চেম্পিয়ন পেলেক এলবাৰ্ট আইনষ্টাইন হাস্পতাললৈ লৈ যোৱা হৈছে। হাস্পতাললৈ অহাৰ পিছত পেলেৰ মগজুৱে সম্পূৰ্ণ কাম কৰা নাছিল আৰু এঠাইত স্থিৰ হৈও থাকিব পৰা নাছিল।

উল্লেখ্য যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহতো পেলেক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, য’ত অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ শৰীৰৰ পৰা টিউমাৰটো আঁতৰাই পেলোৱা হৈছিল। তেওঁৰ টিউমাৰ আঁতৰোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই কৈছিল যে তেওঁৰ ‘কেমোথেৰাপি’ আৰম্ভ কৰিব।

স্মৰ্তব্য যে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত ব্ৰাজিলৰ হৈ বিশ্বকাপ জয় কৰাত পেলেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰীয় দলৰ হৈ ৯২খন মেচত ৭৭টা গ’ল দিছে। ব্ৰাজিলৰ হৈ তেওঁ শীৰ্ষ গ’লদাতা।