26 C
Guwahati
Tuesday, September 27, 2022
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান ‘হেমকোষ’

    বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্পন কৰা হয় দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান হেমকোষ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ উপস্থিতিত সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীৰ দিল্লীস্থিত কাৰ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক এই অভিধানখন অৰ্পন কৰে।

    হেমকোষ প্ৰদানৰ সময়ত জয়ন্ত বৰুৱাৰ পত্নী ৰুবী বৰুৱা আৰু শিল্পী অজন্তা গোস্বামীও উপস্থিত থাকে।

    অভিধানখন গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জয়ন্ত বৰুৱাক শুভেচ্ছা আৰু প্ৰশংসা কৰি ইয়াৰ দ্বাৰা বহু দৃষ্টিহীন শিক্ষাৰ্থী লাভান্বিত হ’ব বুলি মন্তব্য কৰে।

    প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে এই অভিধানে সমাজৰ হিতসাধন কৰাই নহয়, ভাষা সাহিত্যৰ ইতিহাসত এয়া এক মহৎ কাৰ্য হিচাপে চিহ্নিত হৈ ৰ’ব।

    ইফালে অভিধান প্ৰদান কাৰ্যসূচীত উপস্থিত থকা মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জয়ন্ত বৰুৱাক এই কামৰ বাবে ভূয়সী প্ৰশংসা কৰে।

    উল্লেখ্য যে, বিগত ১৬ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে হেমকোষৰ ব্ৰেইলী সংস্কৰণটো উন্মোচন কৰিছিল। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাকে ধৰি আন বহু গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

    অভিধানখনৰ উন্মোচনী অনুষ্ঠানৰ উদ্বোধনী ভাষণত জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইলী সংস্কৰণৰ প্ৰকাশ তেওঁৰ অন্যতম সপোন আছিল বুলি উল্লেখ কৰি এই অভিধানখনে সকলো দৃষ্টিহীন শিশুক সহায় কৰিব বুলি কয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং