28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অহা ২০ মে’ৰ ভিতৰত বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিব : ৰবিৰাম নাৰ্জাৰী

    অহা ২০ মে’ৰ ভিতৰত বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিব : ৰবিৰাম নাৰ্জাৰী

    ‘২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিত‌ আমি জিকিম এইটো খাটাং, মই এই সমষ্টিত আমাৰ দলৰ পৰা বিজয়ী উৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলাই আছো’। এই মন্তব্য সমষ্টিটোৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ।

    ৭ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতেই নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত আত্মবিশ্বাসেৰে কয়, ‘এইটো সমষ্টিত ৰাইজৰ মাজত টকা বিলাই লাভ নাই, ইয়াত কোনো প্ৰকাৰে মোক কোনেও পৰাস্ত কৰিব নোৱাৰে, ‌মোৰ সমষ্টিত মই জিকিম এইটো নিশ্চিত’।

    তেওঁ আন এক দাবী কৰি অহা ২০ মে’ৰ ভিতৰত বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিব আৰু ইউপিপিএল চৰকাৰৰ পতন ঘটিব বুলিও মন্তব্য কৰে।

    আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বি তথা ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম সন্দৰ্ভত মন্তব্য কৰি কয়, ‘তেওঁ কোনোদিন ৰাজনীতিৰ লগত জড়িত নাছিল। তেওঁৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ আছে, সেইকাৰণে তেওঁ ইউপিপিএলত যোগদান কৰি নিৰ্বাচনত নামিছে’।

    মনোৰঞ্জন ব্ৰহ্মৰ দৰে লোকক ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰি নাৰ্জাৰীয়ে কয় যে ৰাইজে সমাজৰ, দেশৰ আৰু ৰাইজৰ হৈ কাম কৰিব পৰা দল আৰু নেতাক বাচনি কৰিব, গতিকে ইয়াত মোৰেই বিজয়ী উৎসৱ হোৱাটো ১০০% খাটাং।

    ইনপুট : গোসাইগাঁৱৰ পৰা বিশ্বজিৎ চৌধুৰী

    আৰু পঢ়ক : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেব কৰ’ণাত আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং