28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিপিএফত বৃহৎ খহনীয়া! দলে-বলে যোগদান কৰিলে বিজেপিত

    বিপিএফত বৃহৎ খহনীয়া! দলে-বলে যোগদান কৰিলে বিজেপিত

    হাগ্ৰাম মহিলাৰীৰ বিপিএফ দলত তীব্ৰ গৰাখহনীয়া। অব্যাহত আছে বিজেপি দলত যোগদান প্ৰক্ৰিয়া। নিৰ্বাচনী বতৰত দিন বেয়া চলিছে হাগ্ৰাম মহিলাৰী নেতৃত্বধীন বিপিএফ দলৰ।

    প্ৰথমে বিপিএফৰ সৈতে বিজেপিৰ বহু দিনীয়া মিত্ৰতা ভংগ। ইয়াৰ পিছতে দলে-বলে বিপিএফ কৰ্মীৰ বিজেপিত যোগদান।কিছুদিন আগতে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত হাজাৰৰো অধিক বিপিএফ কৰ্মী বিজেপি দলথ যোগদান কৰাৰ পিছত পুনৰ বৃহস্পতি বাৰে কলাইগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাৰ উপস্থিতিত প্ৰায় ডেৰশতাধিক বিপিএফ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।

    যাৰ ভিতৰত দৰং জিলাৰ বিপিএফ দলৰ উপ সভাপতি’ও আছে। বিটিচি দৰং জিলা অংশৰ টেঙাবাৰী, ভূঞাগড়,বৰবাগান আৰু লক্ষীমপুৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত ডেৰশতাধিক কৰ্মীয়ে মধুৰাম ডেকাৰ কলাইগাওস্ত বাসগৃহত যোগদান কৰে। এনে ঘটনাই স্বাভাৱিকতে বিজেপি কৰ্মী সকলক উৎসাহি কৰি তুলিছে।

    আৰু পঢ়ক : বিজেপি-কংগ্ৰেছৰ পিছত এইবাৰ অসম জাতীয় পৰিষদৰো ঘোষণা তৃতীয় প্ৰাৰ্থী তালিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং