”বিজেপিয়ে বিপিএফক মানসিক নিৰ্যাতন দি থকাৰ পৰিবৰ্তে সহায় কৰি আছে ইউ পি পি এলক”

0
58

ক’ৰণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত পিছুৱাই দিয়া হ’ল বিটিচি নিৰ্বাচন । এই ক্ষেত্ৰত বহু দল সংগঠনে বিৰোধিতা কৰিছে নিৰ্বাচন পিছুৱাই দিয়াৰ ক্ষেত্ৰত । তদুপৰি আগন্তুক নিৰ্বাচনত বিপিএফ আৰু বিজেপিৰ মিত্ৰতা হ’ব নে নহয় সেয়াও সন্দেহৰ আৱৰ্তত । বিজেপিক উদ্দেশ্য কৰি বি পি এফে বিভিন্ন ধৰণৰ মন্তব্য কৰাও দেখা যায় ।

ইয়াৰ মাজতে ২৬ চেপ্তেম্বৰত কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিজেপি দলক উদ্দেশ্য কৰি বিভিন্ন মন্তব্য কৰা দেখা যায় । বি পি এফৰ নেতা প্ৰবীন বড়োই কয় যে ”বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস নাই বিজেপি দলৰ । বিটিচিত বিজেপি দলৰ অৱস্থা থৰক বৰক , সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস গোটাব পৰা নাই বিজেপিয়ে”।

লগতে তেওঁ কয় যে ”বিজেপি দলে মাথো পাঁচবছৰ হে শাসন কৰিলে অথচ বিপিএফ দলে ১৫ বছৰ শাসন কৰিলে আৰু অনাগত সময়ছোৱাতো শাসন কৰি ৰূপালী জয়ন্তী পাতিব অৰ্থাৎ ২৫ বছৰ শাসন কৰিব ”। বিজেপিৰ যদি সাহস আছে তেন্তে ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি বিটিচিৰ শাসনভাৰ বিজেপিয়ে দখল কৰক বুলি প্ৰত্যাহ্বান জনাইছে প্ৰবীণ বড়োই ।

আনহাতে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা এতিয়া এক আন্তৰিকতাবিহীন মিত্ৰতা বুলি মন্তব্য কৰি বিপিএফৰ সতে মিত্ৰতা থকাৰ পিছতো বিজেপিয়ে ইউপিপিএল দলক সহায় কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে কয় যে বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰা নাই । বিটিচি নিৰ্বাচনকালিন সময়ছোৱাত বিজেপিয়ে বিপিএফক মানসিক নিৰ্যাতন দি আছে আৰু উক্ত কথা মনত ৰাখি ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ সতে বিপিএফৰ মিত্ৰতা অব্যাহত থাকিব নে নাই সেয়া বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি প্ৰবীণ বড়োই সদৰি কৰে ।

Photo credit : Time8