নিৰাশাৰ অন্তত আশা! হাঁহি বিৰিঙিছে হাগ্ৰামাৰ মুখতঃ চৰকাৰ গঠন কৰিবলৈ কিমান দূৰ…

0
968

মুহূৰ্ততে সলনি হৈছে বিটিচিৰ ভোট যুদ্ধৰ পৰিৱেশ। প্ৰতি সময়তে পট পৰিবৰ্তন হৈছে বিটিচিত। প্ৰায় ২-৩ ঘন্টা আগলৈকে কম সংখ্যক আসনতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা বিপিএফে শেহতীয়াভাৱে ৭ খন আসনত জয়ী হোৱাৰ লগতে ১১ খন আসনত অগ্ৰগতি লাভ কৰি আছে। যাৰ বাবে বিটিএডিৰ বিভিন্ন প্ৰান্তত বিপিএফৰ নেতা-নেত্ৰীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ।

আনহাতে বিজেপি ৩ খন আসনত জয়ী হোৱাৰ লগতে ৫ খন আসনত আগবাঢ়ি আছে। উল্লেখ্য যে, এতিয়ালৈকে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই কংগ্ৰেছ। অৱশ্যে এখন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। এইখিনিতে মন কৰিবলগীয়া যে, ইউপিপিএলে এতিয়ালৈকে ২ আসনত জয়ী হৈছে আৰু লগতে ৯ খন আসনত অগ্ৰগতি লাভ কৰিছে।

পাঠকসকলক এইখিনিতে উল্লেখ কৰা ভাল যে, ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত প্ৰথম কেইবা ঘন্টালৈকে আগবাঢ়ি আছিল ইউপিপিএল। প্ৰমোদ বড়োৰ নেতৃত্বৰ ইউপিপিএলে দুপৰীয়াৰ ভাগত প্ৰায় ২৫ খন আসনত অগ্ৰগতি লাভ কৰিছিল। কিন্তু পিছলৈ তেওঁলোকৰ আসনৰ সংখ্যা হ্ৰাস পাই আহে। এতিয়া ৭ খন আসনত জয়ী হোৱালৈ লক্ষ্য ৰাখি বিপিএফেই পুনৰবাৰ চৰকাৰ গঠন কৰিব নেকি তাক লৈ বিভিন্ন মহলত চিন্তা-চৰ্চা দেখা গৈছে।

মুঠ ৪০ টা সমষ্টিযুক্ত বিটিচি নিৰ্বাচন ৭ ডিচেম্বৰ আৰু ১০ ডিচেম্বৰত ২ টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। মুঠ ৪ খন জিলাৰ এলেকাৰ এই বিটিচি নিৰ্বাচনত ২ শতাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ২০ লক্ষাধিক লোকে ভোটদান কৰি ৪০ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰিব।