বিৰোধীত থাকিব নোৱাৰে বি পি এফে! মিত্ৰতা বিচাৰি প্ৰস্তাৱ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ

0
196
বিৰোধীত থাকিব নোৱাৰে বি পি এফে! মিত্ৰতা বিচাৰি প্ৰস্তাৱ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিৰোধীত থাকিব নোৱাৰে বি পি এফে! মিত্ৰতা বিচাৰি প্ৰস্তাৱ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ

বিৰোধীত থাকি মন বহা নাই বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ। সেয়ে কংগ্ৰেছ মহাজোঁট এৰি পুনৰ এবাৰ শাসনাধিষ্ঠিত বিজেপি দলৰ ওচৰ চাপিছে বি পি এফ।  

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বি পি এফে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত চামিল হৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

কিন্তু নিৰ্বাচনত মহাজোঁটে শোচনীয়ভাৱে পৰাজয় বৰণ কৰে। তদুপৰি বি পি এফেও আশা কৰা ধৰণে ফলাফল দেখুৱাব নোৱাৰিলে।

প্ৰমীলা ৰাণী ব্ৰহ্মৰ দৰে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা পৰাস্ত হৈছিল নিৰ্বাচনত।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে লগ লাগি নিৰ্বাচন খেলি ২০২১লৈকে চৰকাৰৰ অংশীদাৰী দল হৈ আছিল বি পি এফ।

ইয়াৰ উপৰি দলটোৱে সুদীৰ্ঘ কাল নিজৰ দখলত ৰাখিছিল বড়োলেণ্ড। কিন্তু ২০২০ চনৰ বিচিটি নিৰ্বাচনৰ আগে আগে বিজেপিয়ে বিপিএফৰ লগত মিত্ৰতা ভংগ কৰি বড়োভূমিৰ আন এটা শক্তিশালী দল ইউ পি পি এলৰ লগ লাগিছিল।

বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অকলে যুঁজ দি বিটিচি নিৰ্বাচনত ১৭ খন আসন দখলেৰে সৰ্ববৃহত ৰাজনৈতিক দল ৰূপে পৰিণত হ’লেও চৰকাৰ গঠনত ব্যৰ্থ হয় হাগ্ৰামা মহিলাৰী।

বিটিচি প্ৰধানৰূপে দীৰ্ঘকাল সেৱা আগবঢ়াই অহা হাগ্ৰামাৰ স্থান ল’লে ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিত খোজ দিয়া প্ৰমোদ বড়োৱে।

বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত মুখথেকেচা খোৱা হাগ্ৰামাৰ এতিয়া আৰু বিৰোধীত থকাৰ মন নাই। তেওঁ যিকোনো প্ৰকাৰে শাসনৰ অংশীদাৰী হ’ব বিচাৰিছে।

সেয়ে বিজেপিয়ে প্ৰতাৰণা কৰাৰ পিছতো একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত পুনৰ মিত্ৰতা বিচাৰি হিমন্তৰ কাষ চাপিছে হাগ্ৰামা।

বিপিএফৰ জ্যেষ্ঠ নেতা প্ৰবীন বড়োৱে জানিব দিয়া অনুসৰি মিত্ৰতা বিচাৰি বিপিএফে ইতিমধ্যে বিজেপিলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰবীন বড়োৱে কয়, ‘বি পি এফ প্ৰধান মহিলাৰীয়ে অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰিছে। আমি বিৰোধীত থাকিব নিবিচাৰো’।  

আৰু পঢ়ক : নতুন আফগান চৰকাৰৰ নেতৃত্ব দিব তালিবানৰ সহ-প্ৰতিষ্ঠাপক আব্দুল ঘনি বাৰাদাৰে