কৰ্মস্থলীত মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন, টুইটাৰত ট্ৰেণ্ডিং বয়কট আমাজন

0
166
কৰ্মস্থলীত মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন, টুইটাৰত ট্ৰেণ্ডিং বয়কট আমাজন
প্ৰতিনিধিত্বমূলক আলোকচ্চিত্ৰ

আমাজনত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে নিজৰ কৰ্মস্থলীত যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হোৱাৰ ঘটনা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ পাছতে টুইটাৰত আমাজন বয়কটৰ ট্ৰেণ্ড চলিছে।

আমাজনৰ এটা গুদামঘৰত সামগ্ৰী পেকেজিঙৰ কাম কৰা মহিলা কৰ্মচাৰী গৰাকীয়ে কৰ্মস্থলীত পুৰুষ কৰ্মীৰ দ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখিন হ’বলগীয়া হোৱা বুলি সামাজিক মাধ্যক টিকটকৰ এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰাৰ পাছতে ভিডিঅ’টো ভাইৰেল হৈ পৰে।

আমাজনৰ কৰ্মী গৰাকীয়ে টিকটকৰ জৰিয়তে তেওঁ সন্মুখিন হৈ অহা যৌন নিৰ্যাতনৰ কথা ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যম ব্যাৱহাৰকাৰী সকলে আমাজনক কঠোৰ সমালোচনা কৰে।

মূলত নিজৰ কৰ্মস্থলীত মহিলা কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰাৰ বাবেই বিশ্বৰ বিশাল প্ৰতিষ্ঠানটোক নিন্দা কৰে একাংশ সচেতন লোকে।

“এয়াই প্ৰথম নহয় আমাৰ সৈতেও কৰ্মস্থলীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে,” এজন টিকটক ব্যাৱহাৰকাৰীয়ে নিজৰ কমেণ্টত এইদৰে লিখে।

“হেই তোমাৰ নাম কি? বিৰতিৰ সময়ত কিছু আনন্দ কৰা,” দুই এজনে ঘটনাটোৰ ৰস লবলৈ চেষ্টা কৰি এইদৰে লিখে।

অৱশ্যে মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আমাজন কৰ্তৃপক্ষক অৱগত কৰে বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক : ফিল’বাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চাৰিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত