29 C
Guwahati
Saturday, August 13, 2022
More

    ৰঙিয়া ইউনিয়ন বেংকত ডকাইতি, ২০ লাখ লৈ উধাও দুৰ্বৃত্ত

    ৰঙিয়াৰ মাজমজিয়াত থকা ইউনিয়ন বেংকৰ এজন গ্ৰাহকৰ পৰা দুজনীয়া দুৰ্বৃত্তৰ দলে ২০ লাখ টকা লৈ উধাও। সোমবাৰে দিনৰ ২.৩০ বজাত ৰঙিয়া বেচৰকাৰী বাছ ষ্টেণ্ডৰ সমীপৰ গকুল ষ্টোৰ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কনক বৈশ্য নামৰ এগৰাকী কৰ্মচাৰীয়ে ২০ লাখ টকা বেংকত থবলৈ আহিছিল।

    চাওক এই ভিডিঅ’

    কৰ্মচাৰীজনে বেংকৰ ভিৰত অফিচাৰ কাউণ্টাৰত প্ৰৱেশ কৰি কেছ কাউণ্টাৰৰ বাহিৰত টকাৰ বেগটো থৈছিল। সেই সময়তে সুবিধা বুজি যুৱক এজনে টকাৰ বেগটো লৈ সেই স্থানৰ পৰা বাইক লৈ উধাও হয়।

    পিছত বেগটো কৰ্মচাৰীজনো বিচাৰি নোপোৱাত হাহাকাৰৰ সৃষ্টি হয়। ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় CCTV কেমেৰা পৰীক্ষা কৰে আৰু কেমেৰাত বন্দী হয় সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং