মহিলাৰ অন্তৰ্বাস চুৰি কৰা এটা চোৰ, চিচিটিভি কেমেৰাত ধৰা পৰি যায় চোৰৰ কাণ্ড

0
751

মহিলাৰ অন্তৰ্বাস চুৰি কৰা এটা চোৰ, চিচিটিভি কেমেৰাত ধৰা পৰি যায় চোৰৰ কাণ্ড

ক’ত যে কিমান ধৰণৰ চোৰ আছে এই ধৰাৰ বুকুত তাৰ লেখ জোখ নাই। কালি দেশৰ ‘বছ’ খ্যাত ৫০০০ৰো অধিক গাড়ী চুৰি কৰা অনিল চৌহানক গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ ভাইৰেল হৈছে এক আধাপাগল চোৰৰ কাণ্ড।

কোনো মূল্যবান সামগ্ৰী নহয়, বৰঞ্চ মহিলাৰ অন্তৰ্বাস চুৰি কৰে চোৰে। ঘৰৰ চিচি টিভি কেমেৰাত ধৰা পৰি যায় সকলো। লগে লগে ভাইৰেল হৈ পৰে সেই ঘটনাৰ ভিডিঅ।

এই ঘটনা মধ্যপ্ৰদেশৰ গোৱালিয়ৰ । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বহু দিনৰে পৰা এটা চোৰে গোৱালিয়ৰ এক অঞ্চলৰ বহু মহিলাৰ অন্তৰ্বাস চুৰি কৰি আহিছিল।

ঘৰৰ বাহিৰত বা ছাঁদত মেলি থোৱা অন্তৰ্বাস নোহোৱা হৈ পৰে বহু মহিলাৰ। কোনেও একো ধৰিব পৰা নাছিল প্ৰথমে। পাছে এঘৰ মানুহৰ চিচি টিভি কেমেৰাই সকলো ধৰা পেলাই দিয়ে।

এজন ডেকা ল’ৰাই নিশা এঘৰ মানুহৰ ঘৰ চাই চাই পাৰ হৈ গৈ আছিল। পিছ মুহুৰ্ততে ঘুৰি আহি মানুহৰ ঘৰৰ দেৱাল পাৰ হৈ বাৰান্দাত মেলি থোৱা মহিলাৰ অন্তৰ্বাস চুৰি কৰি লৈ যায়।

আন এঘৰৰ পৰাও আহে চিচি টিভি ফুটেজষ পাইপেৰে উঠি ছাঁদৰ পৰা লৈ যায় অন্তৰ্বাস। অন্য বহু কাপোৰ মেলি থোৱা থাকিলেও বা অন্য কোনো মূল্যবান সামগ্ৰীয়ো মেলি থোৱা থাকিলেও কিন্তু কেৱল মহিলাৰ অন্তৰ্বাস হে চুৰ কৰে চোৰে।

চোৰৰ এই কাণ্ডৰ অতিষ্ট হৈ এগৰাকী মহিলাই সাহস কৰি কাষ চাপে আৰক্ষীৰ। লগতে চিচি টিভিৰ ফুটেজ প্ৰমাণ হিচাপি দাঙি ধৰি সেই যুৱকৰ বিৰুদ্ধে গোচৰ তৰে। লগতে মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চোৰ যুৱকজন সেই অঞ্চলৰে বাসিন্দা।