26 C
Guwahati
Thursday, September 16, 2021
More

    PUBG খেলি মানসিক বিকাৰগ্ৰস্ত হৈ পৰা এজন যুৱক,লাঠিৰে প্ৰহাৰ নিজ পিতৃক

    যুৱ প্ৰজন্মৰ এটি জনপ্ৰিয় এটি মোবাইল গেম হ’ল PUBG । এই গেম খেলিয়েই মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিল বিলাসীপাৰাৰ এজন যুৱক । জানিব পৰা গৈছে যে যুৱকজনে PUBG গেম খেলিয়েই প্ৰথমে ভাঙি লণ্ড-ভণ্ড কৰে ঘৰ দুৱাৰ আৰু তাৰ পিছতেই পিতৃক প্ৰহাৰ কৰি মূৰ ফালি দিয়ে ।এই ঘটনাৰ পিছতেই সন্ধানহীন হৈ পৰে যুৱকজন । সন্ধানহীন হৈ পৰা যুৱকজনক বিচাৰি কান্দি হাবাথুৰি খাইছে পিতৃ-মাতৃ ।

    বিলাসীপাৰাৰ হাৰকটা মুছলিমপাৰা গাঁৱৰ একদিল আলীৰ পুত্ৰ ১৯ বছৰীয়া মইনুল আলী । উল্লেখ্য যে, দিনে নিশাই মোবাইলত PUBG খেলত ব্যস্ত হৈ থাকে মইনুল । যোৱা ২১ আগষ্টত মানসিকভাৱে অধিক অস্থিৰ হৈ পৰাত প্ৰথমে নিজৰ ঘৰ-দুৱাৰ ভাঙি পেলায় আৰু পিছত লাঠিৰে পিতৃৰ মুৰত প্ৰহাৰ কৰে । যাৰ ফলত এটা চকুৰে নেদেখা হৈ পৰিছে একদিল আলী ।
    বিগত ৫ দিন ধৰি সন্ধানহীন হৈ আছে যুৱকজন। কোনো সদাশয় ব্যক্তিয়ে যুৱক জনৰ সন্ধান পালে আৰক্ষী চকীত খবৰ দি এই নম্বৰত 9132186706 যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে |

    photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং