নৃশংস হত্যাকাণ্ডঃ অত্যাধিক মদ্যপান কৰি যুৱকক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে অচিনাক্ত লোকে!

0
2133

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে মৰিয়নীৰ দেবেৰাপাৰ থানাৰ অন্তৰ্গত ভেলাগুৰি চাহ বাগিচাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷

উদয় কালিন্দী (বুধুৰাম) নামৰ নকছাৰি ভেলগুৰি ২ নং দৰকীয়াল গাঁৱৰ যুৱক গৰাকীক অচিনাক্ত লোকে নৃশংসভাৱে দাৰে ডিঙিত আক্ৰমণ কৰি হত্যা কৰি পেলায় থৈ যায় ৷ স্থানীয় লোকে মৃতদেহ প্ৰত্য়ক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

সম্প্ৰতি দেবেৰাপাৰ আৰু মৰিয়নী আৰক্ষীৰ দল উপস্থিত হয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে অত্যাধিক মদ্যপান কৰি এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে।