19 C
Guwahati
Wednesday, December 1, 2021
More

    কংগ্ৰেছৰ সজাতি দলক সীমান্ত পৰিদৰ্শন কৰাত বাধা, সীমান্ত পিছুৱাই আহিব পাৰে বুলি অভিযোগ ভূপেন বৰাৰ

    সোমবাৰৰ দুৰ্ভাগ্যজনক অসম-মিজোৰাম সীমান্তৰ গুলিয়াগুলিৰ ঘটনাস্থল পৰিদৰ্শন কৰিব যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলক বাধা প্ৰদান কৰিছে কাছাৰ জিলা প্ৰশাসনে।

    এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে সীমান্ত অঞ্চলৰ পৰিস্থিতি ‘উত্তেজনাপূৰ্ণ’ হৈয়েই আছে আৰু সেয়ে তাত কাকো যাব দিব নোৱাৰি।

    এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই কয়, ‘মুখ্যমন্ত্ৰী কথাৰ পৰা এইটো স্পষ্ট হয় যে অসম সীমান্ত পিছুৱাই আহিছে, অসমৰ সীমাত মানুহ নিৰাপদ নহয়। এই সকলোবোৰ ফাদিল হোৱাৰ ভয়ত হয়তো চৰকাৰে আৰক্ষীৰ হতুৱাই আমাক সেই ঠাই পৰিদৰ্শন কৰাত বাধা দিছে’।   

    আনহাতে কংগ্ৰেছৰ সজাতি দলটোত থকা নেত্ৰী সুস্মিতা দেৱে কয়, ‘আমি কৈছিলো যে আমি লাইলাপুৰ বজাৰলৈকেহে যাম, আমি সীমান্তলৈ নাযাও। কিন্তু আমাক পাঁচ কিলোমিটাৰ পূৰ্বে ৰখাই দিছে’।

    অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি নৱনিযুক্ত কাছাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে কয় যে পৰিস্থিতি উত্তেজনাপূৰ্ণ আৰু উচ্চ পৰ্যায়ত আলোচনা চলি আছে। নিৰপেক্ষ বাহিনী হিচাপে সীমান্তত চিআৰপিএফ মোতায়েন কৰা হৈছে’।

    তেওঁ লগতে কেৱল অঞ্চলটোৰ বাসিন্দাসকলকহে সেই অঞ্চলটোলৈ যাবলৈ অনুমতি দিয়া হৈছে বুলি কয়।

    উল্লেখ্য যে যোৱা সোমবাৰে অসমৰ ভূমি দখল কৰা অঞ্চল পৰিভ্ৰমণলৈ যোৱা অসম আৰক্ষীৰ দললৈ লক্ষ্য কৰি মিজো আৰক্ষীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত অসমৰ ৬ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে অৰ্ধশতাধিকৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।

    এই ঘটনাৰ পিছৰে পৰা বৰাক উপত্যাকৰ জিলা তিনিখনত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে।  

    উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা দলটোত আছিল ভূপেন বৰা, দেবব্রত শইকীয়া, ৰকিবুল হুছেইন, সুস্মিতা দেৱ, আৰু কমলাক্ষ দে পুৰকায়স্থ।

    আৰু পঢ়ক : শুই থকা অৱস্থাতেই মহতিয়াই নিলে ট্ৰাকে, মৃত্যু ১৮ জন শ্ৰমিকৰ, ২৫ ৰ অধিক আহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং