
আপুনি নতুনকৈ ঘৰ বন্ধাৰ কাম কৰাৰ চিন্তা কৰিছে নেকি? তেন্তে সাৱধান হ’ব৷ ৰাজ্যত চলিছে ভেজাল চিমেন্টৰ বিশাল ব্যৱসায়৷ বঙাইগাৱঁত ভেজাল চিমেন্টৰ ৰমৰমীয়া ব্যৱসায় চলিছে৷
নামনি অসমৰ পৰা বিভিন্ন অঞ্চললৈ সৰবৰাহ হৈছে এনে ভেজাল চিমেন্ট৷ জিলাখনৰ চাপাৰাকাটাৰ এটা অবৈধ গুদামত প্ৰস্তুত হৈছে এনে চিমেন্ট৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ,চাপাৰাকাটা উৰণীয়া সেঁতুৰ ওচৰত চলি আছে এই অবৈধ বেহা-বেপাৰ৷
ৰাতি ৰাতি বিভিন্ন কোম্পানীৰ চিমেন্টৰ লগত কম মূল্যৰ চিমেন্ট,মাটি,ছাঁই আদি মিহলি কৰি ভেজালকৰণ কৰিছে অসাধু বেপাৰীয়ে৷ অবৈধ সুৰা বেপাৰী ময়েজউদ্দিন ওৰফে গেডাৰ নেতৃত্বত চলিছে এই ভেজাল চিমেন্টৰ বেপাৰ৷ কালি এই গুডাম ঘৰত আৰক্ষী আৰু আৱকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযান কালত গুডামত উদ্ধাৰ হয় ভেজাল চিমেন্ট৷ বঙাইগাঁৱৰ সীতাকান্ত আগৰৱালা নামৰ ব্যৱসায়ীগৰাকীৰ ঘৰ,মাটি ভাড়াত লৈ দীৰ্ঘদিনৰে পৰা চলাই গৈছে এই ভেজাল চিমেন্টৰ ক’লা বেপাৰ৷
Input & Photo: Prasanta Ray