15 C
Guwahati
Saturday, January 22, 2022
More

    উৰুকাৰ পুৱা অঘটন! মাছ কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাত পতিত…

    বঙাইগাঁৱত উৰুকাৰ পুৱা অঘটন। মাছ কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাত পতিত। মাছ সংগ্ৰহ কৰি লৈ যোৱাৰ প্ৰতিযোগিতা একাংশৰ।

    পুৱা জিলাখনৰ মলিগাঁও সংযোগী বঙাইগাঁও- শালবাৰী গড়কাপ্তানি পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ভোগালী উপলক্ষে পশ্চিমবংগৰ পৰা WB-65 A-0337 নম্বৰৰ মালবাহী বলেৰো বাহন নিয়ন্ত্ৰণ হেৰাইই পথৰ দাতিত দ’ খাৱৈ এটাত বাগৰি পৰি মাছবোৰ সিঁচৰিত হৈ পৰে।

    পিছত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে মাছ লৈ যোৱা পৰিলক্ষিত হয় বাহনখনৰ পৰা। অৱশ্যে পিছত একাংশ সচেতন লোকে বাহনখন উঠাই দিয়ে দ খাৱৈৰ পৰা। এই ঘটনাত সামান্যভাৱে আহত হয় দুজন লোক।

    ইনপুট:উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : আজি উৰুকা! লগে- ভাগে এসাঁজ খাবলৈ সাজু সকলো, বজাৰত ভিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং