23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাত আক্ৰান্ত প্ৰধান শিক্ষক, ১০ দিনৰ বাবে বন্ধ দিলে বিদ্যালয়…

    কৰ’ণাত আক্ৰান্ত প্ৰধান শিক্ষক, ১০ দিনৰ বাবে বন্ধ দিলে বিদ্যালয়…

    ক’ভিডৰ বাবে বঙাইগাঁৱত দহদিনৰ বাবে বন্ধ দিলে এখন বিদ্যালয়।

    বঙাইগাঁও জিলাৰ বাহিৰা চেংমাৰী গাঁৱৰ ৬ নং ৰসিগাঁও বাহিৰা চেংমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্র নাথৰ দেহত কৰ্মৰত অৱস্থাত ক’ভিড পজিটিভ পোৱাৰ পিছত আজি পুনৰ বিদ্যালয়খনত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ দল এটা।

    বিদ্যালয়ত সকলো কনমানি ছাত্ৰ ছাত্ৰীকে কৰোৱা হয় ক’ভিড পৰীক্ষা। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ১০ দিনৰ বাবে বন্ধ কৰি দিছে বিদ্যালয়খন।

    উল্লেখ্য যে, ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰাও দেখা যায়।

    Photo and input: Uttam Kumar Barman

    আৰু পঢ়ক : গেৰুৱা গৰু লাগে সত্যৰঞ্জনক, ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটত গৰু বিহু উদযাপন কৰিব সত্যৰঞ্জন বৰাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং