বিমানৰ ভিতৰত বোম! মাজ আকাশত হুৱাদুৱা

0
401

বিমানৰ ভিতৰত বোম! মাজ আকাশত হুৱাদুৱা। ইৰাণৰ এখন বিমানৰ ভিতৰত বোম থকাৰ বুলি হাহাকাৰ। জানিব পৰা অনুসৰি, ভাৰতৰ আকাশ মাৰ্গৰ ওপৰেৰে যোৱাৰ সময়ত এই বিমানখনত বোম থকা বুলি সদৰি হয়।

যেতিয়া ই ভাৰতীয় আকাশসীমাৰ মাজেৰে যাত্ৰা কৰি আছিল তেতিয়া আই.এ.এফ. যুঁজাৰু বিমানে সেই বিমানখনক সুৰক্ষিত দূৰত্বত অনুসৰণ কৰিছিল।

বিমানখনক জয়পুৰত অৱতৰণ কৰাৰ বিকল্প প্ৰদান কৰা হৈছিল আৰু তাৰ পিছত, চণ্ডিগড়ত। অৱশ্যে, পাইলটজনে দুয়োটা বিমানবন্দৰৰ যিকোনো এটালৈ যাবলৈ অনিচ্ছুক বুলি ঘোষণা কৰিছিল।

পাছত, তেহৰাণৰ পৰা বোমাৰ ভয়ক নস্যাৎ কৰে। সকলো ভয় দূৰ হোৱাৰ পাছত বিমানখনে ইয়াৰ অন্তিম গন্তব্যস্থানলৈ যাত্ৰা অব্যাহত ৰাখে।

নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আইএএফৰ দ্বাৰা সকলো পদক্ষেপ লোৱা হৈছিল, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় (এম.ও.চি.এ.) আৰু অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰো (বি.চি.এ.এ.এছ.)ৰ সৈতে যুটীয়াভাৱে।

উল্লেখ্য যে, বোমতংক বিমানখন ইৰানৰ পৰা চীন অভিমুখী গৈ আছিল। বৰ্তমানে বিমান খনে ভাৰতৰ আকাশমাৰ্গ ত্যাগ কৰিছে।