
মঙলবাৰে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ জনসভাৰ ওচৰত বোমা নিক্ষেপ কৰাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মঙলবাৰে বিহাৰৰ নালান্দা জিলাত অনুষ্ঠিত হোৱা মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ জনসভাৰ ওচৰত অচিনাক্ত দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে।
মুখ্য মন্ত্ৰীৰ জনসভাৰ ওচৰত বোমা নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ পাছতে বিহাৰ আৰক্ষীয়ে তদন্ত চলাই উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক আটক কৰিছে।
বিহাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।
নীতিশ কুমাৰৰ জনসভাৰ ওচৰত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত বহু লোক আতংকিত হৈ পৰে।
কিছুদিন পূৰ্বে মুখ্য মন্ত্ৰী নীতিশ কুমাৰ এজন লোকে আক্ৰমণ কৰিছিল আৰু পৰৱৰ্তী সময়ত নীতিশ কুমাৰক আক্ৰমণ কৰা লোকজন মানসিকভাৱে অসুস্থ হৈ আছিল বুলি জানিব পৰা গৈছে।
নীতিশ কুমাৰৰৰ গৃহ চহৰ বখতিয়াপুৰত উক্ত ঘটনাটো সংঘটিত হৈছিল।
আৰু পঢ়ক : শ্ৰীলংকাৰ খেলুৱৈক আইপিএল এৰি প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান এইজন প্ৰাক্তন ক্ৰিকেটাৰৰ